বিজ্ঞানৰ অৱদান FOR CLASS 8-10



(আৰম্ভণি – বৈজ্ঞানিক আবিষ্কাৰ – অৱদান – সামৰণি) 


আৰম্ভণি : মানৱ  সভ্যতাৰ  ক্ৰম  বিকাশৰ  লগে  লগে  মানুহৰ  জীৱন  ধাৰণ  প্ৰণালীও  উন্নতৰ  হবলৈ  ধৰিছে । মানুহৰ জীৱন ধাৰণাৰ প্ৰণালী উন্নত হোৱাৰ মূলতেই হৈছে বিজ্ঞান । জল – স্থল, আকাশ – বতাহ সকলোতে আজি বিজ্ঞানৰে ৰাজত্ব । ৰাতিপুৱা শুই উঠাৰ পৰা নিশা টোপনি যোৱালৈকে আমাৰ প্ৰত্যেক কামতে বিজ্ঞানৰ সহায়তা অপৰিহাৰ্য । বিজ্ঞান এতিয়া আমাৰ হাতৰ লাখুটি । বিজ্ঞান অবিহনে আমি অন্ধ । সেয়ে কোৱা হয় – ‘বৰ্তমানৰ যুগ বিজ্ঞানৰ যুগ' ।

বৈজ্ঞানিক আৱিষ্কাৰ : অতীজত মানুহে হাবিৰ মাজত, পৰ্বতৰ গুহাত বাস কৰিছিল । ঘৰ বান্ধিবলৈ , খেতি – বাতি কৰিবলৈ , জুইৰ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে নাজানিছিল । তেওঁলোকে চিকাৰ কৰি কেঁচা মঙহ খাইছিল । লাহে লাহে মানুহে জুইৰ আৱিষ্কাৰ কৰি তাৰ ব্যৱহাৰ কৰিবলৈ শিকিলে , ঘৰ বান্ধিবলৈ শিকিলে , খেতি – বাতি কৰিব জনা হ'ল । 

    প্ৰত্যেক বস্তুৰে কাৰ্য আৰু কাৰণ আছে । আদিম মানুহৰ ভিতৰতে কোনোৱে আবিষ্কাৰ কৰিলে যে শিলে শিলে ঘঁহনি খাই জুইৰ উৎপন্ন হয় । যেতিয়াৰ পৰা এই কাৰ্যকৰণৰ বিশ্লেষণ হ’বলৈ ধৰিলে, তেতিয়াৰ পৰাই মানুহৰ মনত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ উদয় হ’বলৈ ধৰিলে।

    খ্ৰীষ্টীয় অষ্টাদশ শতাব্দীৰ শেষ আৰু উনবিংশ শতাব্দীৰ আদি ভাগক বিজ্ঞানৰ সোণালী যুগ বুলি কোৱা হয় । কিয়নো এইখিনি সময়তে বিজ্ঞানে মানৱ সভ্যতাক কিছু বছৰ আগুৱাই নিয়ে । বৰ্তমান আমাৰ ব্যৱহাৰ্য প্ৰায় ভাগ বস্তুৱে আৱিষ্কাৰ হৈছিল এইখিনি সময়ছোৱাৰ ভিতৰতে । 



অৱদান : বিজ্ঞানে আমাৰ এই পৃথিৱীখনক সংকুচিত কৰিছে । ছপাশাল , ৰেলগাড়ীৰ ইঞ্জিন , মটৰ – গাড়ী , ৰেডিঅ’ , টেলিভিছন আদিৰ আবিষ্কাৰে পৃথিৱীৰ এটা কোণক আনটো কোণৰ লগত জড়িত কৰাৰ কাৰ্য্য সম্পূৰ্ণ কৰিছে । ইংলেণ্ডত হোৱা খেল এখন ভাৰতৰ কোনো এটা কোঠাৰ ভিতৰতে বহি উপভোগ কৰিব পৰাটো সম্ভৱ হৈছে একমাত্ৰ বিজ্ঞানৰ বলতেই । অকল এয়েই নহয়; মেঘৰ বুকুত দেখা দিয়া বিজুলীও আজি মানুহৰ ভৃত্য হৈ পৰিছে । মানুহ প্ৰকৃতিৰ দাস । কিন্তু বিজ্ঞানে আজি প্ৰকৃতিকহে মানুহৰ দাসৰ দৰে কৰি পেলাইছে ।

   বৈজ্ঞানিক আৱিষ্কাৰে অকল যে মানুহৰ দৈনন্দিন জীৱনক আৰাম-বিলাসৰ ৰম্য ভূমিত প্ৰতিষ্ঠিত কৰিছে এনে নহয়, ব্যৱহাৰিক জীৱনত আৱশ্যকীয় জ্ঞানৰাজিৰ উপৰিও ই দিছে আমাক সৃষ্টিৰ তত্ব, নৃতাত্বিক ঐতিহাসিক জ্ঞান, বিশ্ববিধান, দিন – ৰাতিৰ আৱিৰ্ভাৱ, গ্ৰহ – নক্ষত্ৰৰ ৰহস্যৰ সন্ধান । ৰকেটৰ সহায়ত আজি মানুহে মহাকাশত বিচৰণ কৰিব ধৰিছে । জোনৰ বুকুতো ভৰি দিছে । আনকি অনান্য গ্ৰহৰ বুকুতো খোপনি পুতিবলৈ প্ৰয়াস কৰিছে ।

   বিজ্ঞানে মানুহৰ গড় আয়ুস কিছু বৃদ্ধি কৰিছে । চিকিৎসা বিজ্ঞানত আজি এক নতুন পৰিবৰ্তন দেখা দিছে । আলেকজেণ্ডাৰ ফ্লেমিঙৰ পেনিচিলিন আবিষ্কাৰ, লুই পাস্তুৰৰ জলাতংক ৰোগৰ আবিষ্কাৰে এক নতুন অভিলেখ স্থাপন কৰিছে । বিজ্ঞানৰ সুক্ষ্ম দৃষ্টিৰ আগত আজি আৰু একো বস্তুৱেই অদৃশ্য হৈ থাকিব পৰা নাই । আনকি অতি সুক্ষ্ম বেক্টেৰিয়া, ভাইৰাছ আদিৰ বিষয়েও বিজ্ঞানে আমাক সম্যক জ্ঞান দিছে ।

   ‘জেনেটিকচ' প্ৰযুক্তি বিদ্যাতো বিজ্ঞানৰ দান অপৰিসীম । ভাৰতীয় বিজ্ঞানী ডঃ হোৰগোবিন্দ খোৰানাই টেষ্ট টিউবৰ ভিতৰতে মানুহ সৃষ্টি বাবে পৰীক্ষা – নিৰিক্ষা চলাইছিল । বৰ্তমান বিজ্ঞানী সকলে সফলতা লাভ কৰিছে আৰু মানুহৰ দ্বাৰাই টেষ্ট টিউবৰ ভিতৰতে ভ্ৰুণ সন্তানো তৈয়াৰ কৰা সম্ভৱ হৈছে । ‘জেনেটিকচ’ প্ৰযুক্তি বিদ্যাই মানুহৰ বিভিন্ন বংশগত ৰোগৰো সম্ভেদ দিছে । ইয়াৰ ফলত মানুহে এইবোৰ ৰোগৰ পৰা হাত সাৰিবলৈ বিভিন্ন উপায়ও লাভ কৰিছে। 

   কৃষিৰ ক্ষেত্ৰতো বিজ্ঞানে এক নতুনত্ব আনি দিছে । কম মাটিত অধিক শষ্য উৎপাদনৰ বাবে বিভিন্ন সাৰ আবিষ্কাৰ হৈছে । খেতি – বাতিৰ বাবে বিভিন্ন প্ৰকাৰ আহিলা – পাতি আবিষ্কাৰ হৈছে । ইয়াৰ ফলত কৃষকৰ কষ্টৰ পৰিমাণ লাঘৱ হৈছে আৰু উৎপাদনো প্ৰচুৰ পৰিমাণে বৃদ্ধি হৈছে ।


সামৰণি : বিজ্ঞানে কৃষি, শিল্প, বাণিজ্য, যাতায়ত আদি আটাইৰে পৰিবৰ্তন সাধিছে । কিন্তু সকলো বস্তুৰে এটি সৃজনাত্মক আৰু এটি ধ্বংসাত্মক দিশ থকাৰ দৰে বিজ্ঞানৰ আবিষ্কাৰ সমূহৰো কিছুমান ধ্বংসাত্মক ফাল আছে । বিজ্ঞানে বিভিন্ন মাৰাণাস্ত্ৰ আবিষ্কাৰ কৰিছে । মহাযুদ্ধত 'হিৰোশ্বিমা' আৰু 'নাগাচাকি' নামৰ চহৰ দুখন যেতিয়া ধংসস্তুপত পৰিণত হ’ল, তেতিয়া বিজ্ঞানীসৱৰ ‘এটমবোম’ হৈ পৰিল বিজ্ঞানৰ অভিশাপ স্বৰূপ । তথাপিও আমি ইয়াৰ বাবে অকল বিজ্ঞানকে দায়ী কৰিব নোৱাৰোঁ । কিয়নো, বিজ্ঞান হ’ল মাথো এটি শক্তি । ই নিজে নিজে কেতিয়াও কাৰো ক্ষতি কৰিব নোৱাৰে । ইয়াৰ বাবে দায়ী হ’ল ইয়াক প্ৰয়োগ কৰা মানুহ নিজেই। বিজ্ঞান শক্তিৰ অসৎ ব্যৱহাৰে আমাৰ অন্তৰত থকা আদিম পাশৱিক হিংস্ৰ – প্ৰকৃতিৰ কথাকেহে সুচায় । বিজ্ঞানে নিজে মানৱ সমাজ গঢ়াতো সহায় নকৰে আৰু কেতিয়াও যুদ্ধৰো সুচনা নকৰে, বৰং ই মানৱ সমাজক উন্নতিৰ পথত আগুৱাই যোৱাতহে সহায় কৰে ।

  বিজ্ঞানে আমাৰ জ্ঞানৰ পৰিধিৰ বিকাশ ঘটাইছে । সমাজৰ কু – সংস্কাৰবোৰ আঁতৰাই এক নতুন দৃষ্টি – ভংগী গঢ়ি তোলাত সহায়ক হৈছে । মুঠতে বিজ্ঞান হৈছে মানৱ - সভ্যতাৰ অগ্ৰগতিৰ অনবদ্য আহিলা ।

Comments

Popular posts from this blog

সমাজ বিজ্ঞান ৰ অৰ্থনীতি ৰ প্ৰথম অধ্যায় (মুদ্ৰা আৰু বেংক ব্যৱস্থা)

The Midnight Visitor Questions and Answers

Nelson Mandela long walk to freedom Question answer solutions